২০১২ ৰ প্ৰথম দিনটো… (০১-০১-২০১২, দেওঁ বাৰ)

 ৰাতিপোৱা প্ৰায় ৮ মানত শুৱাৰ পৰা উঠি হাত-মুখ ধুই লগে লগে গাওঁ ধুলোঁ । তেতিয়া প্ৰায় ৯:৩০ হৈছিল, লগৰ দুইজন মানক ফোন কৰি নৱবৰ্ষৰ ওলগ যাচিলো । পিছত মই ভাত বনোৱা আৰম্ভ কৰি থাকোতে মোৰ বন্ধু ৰিদিপে ফোন কৰিলে যে উমানন্দ চাব যাও, যোৱা যদি ওলাই আহিবা । পিছত মই চিন্তা কৰি তাৰ লগতে যোৱাৰ বাবে সিদ্ধান্ত ললো, যদিও বতৰটো ডাৱৰীয়া হৈ আছিল । পিছত বাছ আস্থানত গম পালো লগৰ আৰু এজন (প্ৰশান্ত) যাব উমানন্দলৈ । শুনি ভাল লাগিল । আমি, মানে মই আৰু ৰিদিপ দুয়ো একেলগে লতাশিললৈ গলো, শিলপুখুৰিৰ পৰা আৰু প্ৰশান্ত মালিগাওঁৰ পৰা লাতাশিললৈ আহিল আমি তিনিও একেলগে ১১ বাজি ৪৫ মিনিটত গৈ ব্ৰহ্মপুত্ৰৰ কাষ পালোগৈ । আৰু মানুহৰ ইমানে ভিৰ হৈছিল যে আমি ক্ষন্তেক সময় টিকটৰ বাবে অপেক্ষা কৰিব লগীয়া হৈছিল । আমি টিকট লৈ নাওঁত উঠি ব্ৰহ্মপুত্ৰৰ উপৰেদি উমানন্দলৈ আগবাঢ়িলো আৰু বহুত নাওঁৰ উপৰেতেই বহুত ফটো উঠিলো । পিছত ১ মান বজাত আমি উমানন্দ পায় তাতো ফটো তুলা আৰম্ভ কৰিছিলো আৰু উমানন্দৰ চাৰিওঁ কাষ ঘুৰি আছিলো । কি যে মনোমুহা দৃশ্ব্য! সচাঁই মনোমুহা, আগতেও বহু বাৰ গৈছিলো উমানন্দলৈ তথাপিও আকৌ এবাৰ নোযোৱাকৈ থাকিব নোৱাৰিলো । তাত ফটোতুলি মন্দিৰৰ ভিতৰত যাম বুলি ভাবিছিলো যদিও মানুহৰ অত্যন্ত ভিৰৰ বাবে মন্দৰিৰ দৰ্শন কৰা নহল । যি হওক, বন্ধু কেইজনৰ ভুক লগাৰ বাবে আমি ৩:৩০ মান বজাত তাৰ পৰা ঘৰৰ অভিমুখে যাত্ৰা কৰিছিলো । আৰু প্ৰায় ৪ বাজি পাৰ হওঁতে মই আহি মোৰ শিলপুখুৰি স্থিত ভাঢ়া ঘৰত প্ৰৱেশ কৰিছিলো । হাত মুখ ধুই আমাৰ ভাঢ়া ঘৰৰ মালিকৰ আইতা জনীৰ তাত অলপ সময় CID চালো আৰু টোপনি ধৰাৰ বাবে CID আধাতে এৰি শুই থাকিলো হি । সন্ধ্যা ৭:২০ মানত সাৰ পাই হাত ধুলো আৰু ভাত বনালো । কালিৰ মাছৰ আঞ্জা থকাৰ বাবে শোদা ভাত বনাই তাৰ সৈতেই খালো । মই ভাত বনোৱা সময় কণতে, মানে ভাত গেছত বঢ়াই দি কম্পিউটাৰ উলিয়াই এইটো অনুচ্ছেদ্দ লিখিছিলো । মোৰ ভাত খোৱা শেষ হৈছিল প্ৰায় ৯ বজাত আৰু মই তাৰ পিছত মই ক্ষন্তেক সময় ইন্তাৰনেট কৰিম বুলি কম্পিউটাৰৰ সন্মোখত বঢ়িলো কিন্তু মই ফেচবুক, ব্লগিং, ৱিকিপেডিয়া, ৱিকিমেডিয়া আদিত লাগি থাকোতে প্ৰায় ১১ বাজি পাৰ হল । সেয়েহে মই ১১ বাজি ৩০ মিনিটত কম্পিউটাৰ বন্ধ কৰি শুবলৈ গৈছিলো  । ২০১২ চনৰ প্ৰথম দিনতোত ৰ’দ বেছি নাছিল । গতেই দিনতো বেছ ডাৱৰীয়াই হৈ থাকিল । অৱস্ব্যে নিশালৈ এজক মজলীয়া বৰষুন দি ঠাণ্ডা নমাইছিল গুৱাহাটী মহানগৰীলৈ ।

বহু আশাৰ আৰু আস্থাৰ মাজেৰে মই ২০১২ চনৰ প্ৰথম দিনটো এনেদৰেই পাৰ কৰিছিলো ।