ভোগালি বিহু

*Niyør Høra Gødhuli  নিয়ৰ সৰা গধুলি *

*Magh Mahør Janøni মাঘ মাহৰ জাননী   *

*Mejir Tølør Dhemali মেজিৰ তলৰ ধেমালি *

*Suwa Ahi Pale Bhugali  চোৱা আহি পালে ভোগালি *

¤ভোগালি বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ যাচিলো । ¤

Advertisements
Categories: বিহু তথা উৎসৱ | টেগসমূহ , , , , | মন্তব্য দিয়ক

২০১২ৰ আন্তৰিক শুভকামনা

  

Categories: প্ৰাসংগীক | টেগসমূহ , , | মন্তব্য দিয়ক

২০১২ ৰ প্ৰথম দিনটো… (০১-০১-২০১২, দেওঁ বাৰ)

 ৰাতিপোৱা প্ৰায় ৮ মানত শুৱাৰ পৰা উঠি হাত-মুখ ধুই লগে লগে গাওঁ ধুলোঁ । তেতিয়া প্ৰায় ৯:৩০ হৈছিল, লগৰ দুইজন মানক ফোন কৰি নৱবৰ্ষৰ ওলগ যাচিলো । পিছত মই ভাত বনোৱা আৰম্ভ কৰি থাকোতে মোৰ বন্ধু ৰিদিপে ফোন কৰিলে যে উমানন্দ চাব যাও, যোৱা যদি ওলাই আহিবা । পিছত মই চিন্তা কৰি তাৰ লগতে যোৱাৰ বাবে সিদ্ধান্ত ললো, যদিও বতৰটো ডাৱৰীয়া হৈ আছিল । পিছত বাছ আস্থানত গম পালো লগৰ আৰু এজন (প্ৰশান্ত) যাব উমানন্দলৈ । শুনি ভাল লাগিল । আমি, মানে মই আৰু ৰিদিপ দুয়ো একেলগে লতাশিললৈ গলো, শিলপুখুৰিৰ পৰা আৰু প্ৰশান্ত মালিগাওঁৰ পৰা লাতাশিললৈ আহিল আমি তিনিও একেলগে ১১ বাজি ৪৫ মিনিটত গৈ ব্ৰহ্মপুত্ৰৰ কাষ পালোগৈ । আৰু মানুহৰ ইমানে ভিৰ হৈছিল যে আমি ক্ষন্তেক সময় টিকটৰ বাবে অপেক্ষা কৰিব লগীয়া হৈছিল । আমি টিকট লৈ নাওঁত উঠি ব্ৰহ্মপুত্ৰৰ উপৰেদি উমানন্দলৈ আগবাঢ়িলো আৰু বহুত নাওঁৰ উপৰেতেই বহুত ফটো উঠিলো । পিছত ১ মান বজাত আমি উমানন্দ পায় তাতো ফটো তুলা আৰম্ভ কৰিছিলো আৰু উমানন্দৰ চাৰিওঁ কাষ ঘুৰি আছিলো । কি যে মনোমুহা দৃশ্ব্য! সচাঁই মনোমুহা, আগতেও বহু বাৰ গৈছিলো উমানন্দলৈ তথাপিও আকৌ এবাৰ নোযোৱাকৈ থাকিব নোৱাৰিলো । তাত ফটোতুলি মন্দিৰৰ ভিতৰত যাম বুলি ভাবিছিলো যদিও মানুহৰ অত্যন্ত ভিৰৰ বাবে মন্দৰিৰ দৰ্শন কৰা নহল । যি হওক, বন্ধু কেইজনৰ ভুক লগাৰ বাবে আমি ৩:৩০ মান বজাত তাৰ পৰা ঘৰৰ অভিমুখে যাত্ৰা কৰিছিলো । আৰু প্ৰায় ৪ বাজি পাৰ হওঁতে মই আহি মোৰ শিলপুখুৰি স্থিত ভাঢ়া ঘৰত প্ৰৱেশ কৰিছিলো । হাত মুখ ধুই আমাৰ ভাঢ়া ঘৰৰ মালিকৰ আইতা জনীৰ তাত অলপ সময় CID চালো আৰু টোপনি ধৰাৰ বাবে CID আধাতে এৰি শুই থাকিলো হি । সন্ধ্যা ৭:২০ মানত সাৰ পাই হাত ধুলো আৰু ভাত বনালো । কালিৰ মাছৰ আঞ্জা থকাৰ বাবে শোদা ভাত বনাই তাৰ সৈতেই খালো । মই ভাত বনোৱা সময় কণতে, মানে ভাত গেছত বঢ়াই দি কম্পিউটাৰ উলিয়াই এইটো অনুচ্ছেদ্দ লিখিছিলো । মোৰ ভাত খোৱা শেষ হৈছিল প্ৰায় ৯ বজাত আৰু মই তাৰ পিছত মই ক্ষন্তেক সময় ইন্তাৰনেট কৰিম বুলি কম্পিউটাৰৰ সন্মোখত বঢ়িলো কিন্তু মই ফেচবুক, ব্লগিং, ৱিকিপেডিয়া, ৱিকিমেডিয়া আদিত লাগি থাকোতে প্ৰায় ১১ বাজি পাৰ হল । সেয়েহে মই ১১ বাজি ৩০ মিনিটত কম্পিউটাৰ বন্ধ কৰি শুবলৈ গৈছিলো  । ২০১২ চনৰ প্ৰথম দিনতোত ৰ’দ বেছি নাছিল । গতেই দিনতো বেছ ডাৱৰীয়াই হৈ থাকিল । অৱস্ব্যে নিশালৈ এজক মজলীয়া বৰষুন দি ঠাণ্ডা নমাইছিল গুৱাহাটী মহানগৰীলৈ ।

বহু আশাৰ আৰু আস্থাৰ মাজেৰে মই ২০১২ চনৰ প্ৰথম দিনটো এনেদৰেই পাৰ কৰিছিলো ।

Categories: প্ৰাসংগীক | টেগসমূহ , , , , | মন্তব্য দিয়ক

২০১২ত মোৰ ৰেজোলোচন…..

NEW YEAR Resolutions:-

১.( Hidden Term) /p>

২. বিশেষ প্ৰেমৰ পৰা আঁতৰি থাকাৰ যত্ন কৰিম ।

৩. কম্পিউটাৰক মনোৰঞ্জনৰ মাধ্যম নবনাওঁ ।

৪. ইংৰাজীত কথা পাতাৰ চেষ্টা কৰাতো ২০১২ৰ অন্যতম ।

৫. অসমীয়া ৱিকিপেডিয়াক প্ৰৰ্যাপ্ত বৰঙনি আগবঢ়োৱাৰ চেষ্টা কৰিম ।

৬. ফেচবুক, টুইটাৰক এটা দিনত ৩ ঘন্টাৰ অধিক নিদিওঁ ।*

৭. নিজে সদাই ভাত বনাই খাম, ন’ একাহ ।

৮. টকা-পইচাঁক মৰ্য্যদা দিয়াৰ প্ৰয়াস কৰিম ।

৯. কোনো লোকে যাতে কেতিয়াও মোৰ পৰা বিৰক্তিকৰ অথবা অশান্তি নাপায় তাৰ প্ৰতি দৃষ্টি ৰাখিম ।

১০. পঢ়াৰ নামত দিনে অতি কমেও ২ ঘন্টা দিম ।

(*May changed)

Categories: প্ৰাসংগীক | টেগসমূহ , , | এটা মন্তব্য

২০১১ ৰ এই বিদায় মূহুৰ্ত্তত মোৰ কিছু ক্ষোভ

টিউচন মানে ৮০%(Magic of Tuition)
শিক্ষকৰ মূল মন্ত্ৰই হ’ল যে নিজৰ উপাৰ্জিত জ্ঞানৰ দ্বাৰা আনক জ্ঞানৰ সন্ধান দিয়া । ছক্ৰেটিছে কৈছিল, ‘শিক্ষক এডাল ম’ম বাতিৰ দ্বৰে যি নিজে গলি আনক পোহৰ দিয়ে’ । বৰ্তমান সমাজ বব্যস্থাত এই কথাষাৰৰ মূলাংঙ্কন কৰা সম্ভৱ নে ? আজিৰ সমাজত শিক্ষকে সচাঁ অৰ্থত ছাত্ৰ সমাজক জ্ঞান দিয়ে নে বা দিয়াৰ বাবে তেওঁলোক উপযোগ্যনে ? ২০১১ চনৰ ডিচেম্বৰ মাহৰ ২৬ তাৰিখে আমাৰ BCA 4th ছেমিছস্তাৰৰ ফলাফল ঘোষনা কৰে, জালান্ধৰ স্থিত Punjab Technical University এ । যিয়ে মোক সামান্য পৰিমানে আনন্দিত কৰে যদিও বিশেষ পৰিমানে চিন্তিত কৰিও তোলে । আনন্দিতৰ কাৰণ- মই পৰীক্ষাত সফল ভাৱে উত্তিৰ্ণ্য হলো আৰু চিন্তিত হোৱাৰ কাৰণ যে মোৰ Percentage মই বিচৰাতকৈ কম পালো । Punjab Technical University ৰ পৰীক্ষা বহী মূলাংঙ্কনৰ নিয়ম অনুসৰী প্ৰেক্টিকেলৰ বহী সমূহ কলেজ শিক্ষকে নিৰিক্ষণ কৰিব আৰু থিয়ৰি বহী সমূহ Punjab Technical University এ নিৰিক্ষণ কৰিব । ফলাফল ঘোষনা কৰাৰ পিছত মোৰ মনটোক একোৰা ভয়ানক জুয়ে পুৰাৰ দৰে পুৰি আছে । কিয়নো পৰীক্ষা হলত মোৰ পৰা চাই চাই লিখা আৰু ক্লাছত কিবা নাজানিকে মই বুজাই দিয়া লৰা জনে যেতিয়া পৰীক্ষাত মোতকৈ বেছি নম্বৰ পাব তেতিয়া মোৰ অনুভূতি কি হব নিশ্চয় আপুনি অনুমান কৰিব পাৰিছে । যেতিয়া মই তাৰ Mark Sheet ৰ লগত মোৰ Mark Sheet মিলাই চাওঁ, তেতিয়া মই গম পালো যে থিয়ৰি পেপাৰত মই তাতকৈ বেছি নম্বৰ পাইছো, কিন্তু প্ৰেক্টিকেলত মই বহুত বেছি কম পালো । মই প্ৰেক্টিকেলৰ বহী দুখনত পাইছো ক্ৰমে ৪০, ৬০ কিন্তু মোৰ পৰা চাই লিখা লৰাতোএ পাইছে ৮৮ আৰু ৭৯ । কেৱল সিয়ে নহয় আৰু কেইজন মানে পাইছে বিশ্বাস কৰিব নোৱাৰা আকাশলংঘী নম্বৰ । আৰু কেইজন মানে পাইছে মোৰ দৰে খাবলৈ নোপোৱা ৪০, ৪৭, ৫০, ৫৩. ৬০ নম্বৰ আদি । তাৰ পিছত মই গম পালো যে, যিকেইজনে আকাশলংঘী নম্বৰ পাবলৈ সক্ষম হৈছে সেই গতেই কেইজনেই প্ৰেক্টিকেল থকা বিভাগৰ সংলিষ্ট শিক্ষকৰ তাত ৩০০০ টকাৰ বিনিময়ত প্ৰেক্টিকেলৰ টিউচন লৈছিল । যিতুৱে মোক নিশ্চিত ভাৱে আৱেগিক কৰি তুলিছিল যে প্ৰেক্টিকেলৰু টিউচন কৰিব লাগে । মানে যিজনে সংলিষ্ট শিক্ষকৰ তাত ৩০০০ টকা দি টিউচন কৰিব সেইজনেই ৭৫, ৮০ নম্বৰৰ অধিকাৰি হব । এয়াই আমাৰ শিক্ষা ব্যৱস্থা । আমাৰ হাতত বৰ্তমান অন্য একো বিকল্প পথ নাই, সংলিষ্ট শিক্ষকৰ তাত টিউচন কৰা আৰু নম্বৰ লোৱাৰ বাহিৰে । মই জানো যে কোম্পেনীয়ে চাকৰী দিবৰ বাবে Mark Sheet নাচাই, চাব মোৰ জ্ঞানৰ পৰিসীমা কিন্তু মই ইন্তাৰভিউ দিবৰ বাবে থকা নুন্যতম যোগ্যতা খিনিতো পাব লাগিব । তেতিয়াহে মই মোৰ জ্ঞানৰ পৰিসীমা কোম্পেনীক দেখুৱাব পাৰিম । ২০১১ বৰ্ষতো এনে এক নিৰাশজনক পৰিস্থিতিৰ মাজেৰেই মই বিদায় জনাব লাগিব ।

দৰশনাৰ্থীৰ জাদু (Magic Of Visitors )
২০১১ চনৰ প্ৰথমৰ পৰাই মই অসমীয়া লিপিত লিখাৰ কাম আৰম্ভ কৰিছিলো । অসমীয়াত লিখা মানে, ইউনিক’ডত লিখা কথা কৈছো । তেতিয়া মই ফেচবুক, অৰকুট আদিত অসমীয়া ইউনিক’ডত লিখি পষ্ট কৰিছিলো । আৰু তাতেই মোৰ চিনাকি হল BlogSpot, WordPress আদিৰ দৰে বিনামূল্যত আন্তঃজালৰ পৃষ্টাৰ সৃষ্টি কৰিব পৰা Website ৰ লগত । আৰু মই এটা ব্লগ বনাই, অসমীয়া লিপিত পষ্ট কৰিব আৰম্ভ কৰিছিলো । তাৰ কেইদিন মানৰ পিছত মোৰ ব্লগৰ কথা গম পাই মোৰ কেইজন মান সহপাঠিয়ে, তেওঁলোককো শিকাব কলে, যে কেনেকৈ Free Website বনাই । ময়ো তেওঁলোকক শিকাই দিলো আৰু সিহঁতেও ইংৰাজী / অসমীয়া আদিত লিখি Website বনোৱা আৰম্ভ কৰিছিল । কিন্তু পিছৰ মূহূৰ্ত্তত সিহঁতে বনোৱা ছাইতৰ যথাসম্ভৱ দৰ্শনাথীৰ অভাৱ হোৱাত, বিশেষ প্ৰচাৰ নহল । তথাপিও তেওঁলোকে পষ্টিং কৰিয়ে আছে যিটো অসমীয়া লিপিৰ বাবে গৌৰৱৰ কথা । মোৰ Website ৰ দৰ্শনাথীৰ সংখ্যা বৃদ্ধিত হয়তো তেওঁলোক সুখি হব পৰা নাছিল । যাৰ বাবে মোক তেওঁলোকে ব্লগিংৰ প্ৰতি অনিহা জন্মোৱাৰ প্ৰয়াস কৰিছিল । মই যেতিয়া কোনো এখন ফটো পষ্ট কৰো, তেতিয়া তেওঁলোকৰ পৰা মন্তব্য আহে যে মই কাৰোবাৰ পৰা সেইখন নকল কৰিছো । আৰু যেতিয়া লিখা(TEXT) পষ্ট কৰো তেতিয়া মন্তব্য দিয়ে যে মই কোন কিতাপৰ পৰা সেই দফা তথা অনুচ্ছেদতো নকল কৰিছো ? যিয়ে মোক অলপ সময়ৰ বাবে হলেও নিৰাশ কৰি পেলাই । তেওঁলোকে এনে কৰাৰ মূল কাৰণতোএ আছিল যে তেওঁলোকৰ Website ৰ Visitors ৰ সংখ্যা নাছিল । পিছত মই জানিব পাৰি তেওঁলোকৰ ছাইত সমূহ মই ইন্তাৰনেট লগালে এবাৰ কৈ চাওঁৱে । কাৰন মোৰ বিশ্বাস যদি সিহঁতৰ Visitors ৰ সংখ্যা বাঢ়ে তেন্তে নিশ্চিত ভাৱে মোক অন্ততঃ নিৰাশ কৰাৰ চেষ্টা নকৰিব । কিন্তু দুৰ্ভাগ্য বশতঃ আজি কোপিত তেওঁলোকৰ অভ্যাস সলনি কৰাত মই কোনোপদ্ধে সফল নহলো । যিয়ে ২০১১ বৰ্ষৰ বিদায়ী মূহূত্তই মোক সামান্য পৰিমানে হলেও দুখিতঃ কৰি গ’ল ।

বিদায় ২০১১ ।।।।।।।।।।।।বিদায়।।।।

Categories: প্ৰাসংগীক | টেগসমূহ , , , | মন্তব্য দিয়ক

তামোল-পাণ (অসমীয়াৰ সন্মান)


তামোল হল ৰোল মাৰিৰ দৰে এডাল দীঘল গছ আৰু পাণ হল তামোল গছত বগুৱা এডাল লতা জাতীয় গছ । তামোল, গছৰ উপৰত পাতৰ তলতে লগা এটি ফল আৰু পাণ হল লতাডালৰ পাত । তামোল-পাণ এটা আনটোৰ পৰিপূৰক । এটাৰ অবিহনে আনটো নিষ্ফল । তামোল-পাণ দুয়োটা হলে হে কোনো এটা কাম সম্পূৰ্ণ হয় । শাস্ত্ৰ অনুসৰি তামোল-পাণৰ এটি আখ্যানো পোৱা যায় । এদিন কৃষ্ণই ৰাধাক নোকোৱাকৈ বিজেতাৰ ঘৰলৈ গল । ৰাধাই জানিব পাৰি কথাৰ সত্যতা প্ৰমাণ ল’বলৈ বিজেতাৰ ঘৰ উলুৱাত শ্ৰী কৃষ্ণই ৰাধা আগমনৰ গম পাই তেওঁ নিজৰ ৰূপ সলাই তাতেই এজোপা তামোল গছ হৈ পৰিল আৰু বিজেতা য়ো সেই জোপা তামোলতেই পাণ গছ হৈ বগাই পৰিল । তামোল গছৰ ফল ‘তামোল’ আৰু পাণ গছৰ ফল ‘পাণ’ হয় । তামোলক যোৰা (২টা) বা হালি (৪টা) বুলি গণনা কৰা হয় । আনহাতে পাণক বিজেতাৰ পৰা হোৱাৰ বাবে বীৰা হিচাপে গণনা কৰে । উক্ত ফল বৈকুণ্ঠৰ, আৰু দেৱ-ভোগ্য দেৱতাৰ বস্তু হল । নাৰদ মুনিয়ে এই ফল বৈকুণ্ঠৰ পৰা মানৱৰ ভোগৰ বাবে পৃথিৱীলৈ আনি পৃথিৱীত বিলাই দি এক উচ্চ মানদণ্ডৰ সামগ্ৰী কৰিলে ।

আজিৰ মানৱৰ সমাজত তামোল-পাণৰ ব্যৱহাৰ অপৰিহাৰ্য আৰু এক সন্মানীয় বস্তু । মানুহৰ ভোজনৰ পিছত তামোল-পাণ খাই মুখ শুদ্ধি কৰে, গুৰু-গোঁসাই, ভকত বৈষ্ণৱ, সন্মানীয় সকলক, বন্ধু-বান্ধৱ, মিতিৰ-কুটুমক প্ৰথমেই তামোল-পাণ আগবঢ়াই সন্মান কৰে । সকাম আদিতো তামোল-পাণ দি ঈশ্বৰক প্ৰাৰ্থনা জনাই । দোষী জনেও তামোল-পাণ আগবঢ়ায় ক্ষমা-ভিক্ষা মাগে । মুঠৰ উপৰত ঈশ্বৰৰ পৰা মানুহৰ লৈকে তামোল-পাণক এক সন্মান সূচক সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় । ই সকলোৰে চিনাকি বস্তু । সন্মান সূচক বাক্যত ইয়াক গুৱা-পাণ বুলিও কোৱা হয় ।  


Categories: প্ৰাসংগীক | টেগসমূহ , , | মন্তব্য দিয়ক

তেজীমলা

-লক্ষ্মীনাথ বেজবৰুৱা

           এক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন জীয়েক আছিল, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল’ৰা ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল, সেইদেখি মাহীমাকে তুলি তালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল, কিন্তু মাহীয়েকে হ’লে পেটে পেটে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল। কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিবলগীয়াত পৰিছিল।
আজি কালিকৈ তেজীমলা দহ-এঘাৰ বছৰীয়া হ’ল। সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰে সৈতে বাপেকে সখী বন্ধাই দিলে।
তেজীমলাৰ বাপেক বেপাৰ বাণিজ্য কৰা মানুহ ; বেহা বেপাৰলৈ নগ’লে নচলে। সেইদেখি সততে তেওঁ চাৰিওফালে বেহাই ফুৰিবলগীয়াত পৰে। এইবাৰ ৬/৭ মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাবলগীয়াত পৰিল। সেইদেখি তেওঁ যাবৰ সময়ত ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰুৱা তেজীমলাক ঘৈনীয়েকৰ হাতত গতাই দি ক’লে যে, ‘‘ এইবাৰ মই ৬/৭ মাহলৈ বিদেশলৈ যাওঁ। তোৰ হাতত মোৰ তেজীমলাক গতালো। তাই আদৰুৱা ছোৱালী। তাইক মৰম বেথা কৰি ভালকৈ ৰাখিবি ।”
সাউদনীয়ে ভাবিলে, “ এইবাৰ মোৰ বেছ সুবিধা হৈছে, এই কেইমাহৰ ভিতৰতে মইে মোৰ চকুৰ কুটা, দাঁতৰ শালটো গুচাব পাৰিম। তাইক ঠেকেচি ঠেকেচি মোৰ মনৰ হেঁপাহ পলুৱাম।” আৰু তাই ভাবিলে “অকল ঠেকেচিয়ে নেৰোঁ, সেইদৰে এৰিলে বাপেকে আহি সেই কথা কেনেবাকৈ বুজ পালে এখন হাই-উৰুমিৰহে বাহ হ’ব। এই আপদৰ একেবাৰেই জই ন মাৰিম। এইক বিয়া দিওঁতে মোৰ ঘৰৰ আদখিনি বস্তু এইৰ লগত উলিয়াই দিব লাগিব। এই হ’ল মোৰ সতিনীৰ জী। মোৰ কপালততো কোনো ল’ৰা ছোৱালী নহ’লেই, সতিনীৰ এইটোকনো পোহ-পাল কৰি নিৰ্ব্বহ দি মোৰ কি লাভ হ’ব ? বাপেকে এইৰ লগত যিখিনি ধন–বস্তু উলিয়াই দিব, সেইখিনি মোৰ আইৰ ঘৰলৈ সৰকালে উপকাৰ হ’ব। হেনজানি এইৰ দেউতাক উভতি অহাৰ আগতেই এটা বুধি কৰি এইৰ ওৰ পেলাব লাগিব।” ইয়াকে মাহীয়েকে ভাবি, সাউদে নাও মেলি যোৱাৰ দিনৰে পৰা তেজীমলাৰ দায়ৰ চেলু বিচাৰিবলৈ ধৰিলে আৰু যিমান পাৰিলে তেজীমলাক অকলৈ পাই দুখ দিবলৈ ধৰিলে।
ইতিমধ্যে তেজীমলাৰ সখীয়েকৰ বিয়া আহিল। পৰহিলৈ বিয়া। সখীয়েকৰ ঘৰৰ পৰা তেজীমলাক বিয়ালৈ মাতি পঠিয়ালে। বিয়াৰ তিনি চাৰি দিন সখীয়েকৰ ঘৰত থাকি তেজীমলাই ৰং- ধেমালি কৰি নোৱাই –ধোৱাই সখীয়েকক বিয়া দিব লাগে। তেজীমলাৰো বৰ হেঁপাহ যে বিয়াৰ কেইদিন সখীয়েকৰ ঘৰত থাকি ৰং-ধেমালি কৰি তা‍ই বিয়া খাব।
মাহীয়েকে অনেক দিনৰেপৰা আলচা কথা সিদ্ধি হ’বৰ আগন্তুক হৈছে ভাবি তেজীমলাক বিয়ালৈ যাবলৈ অনুমতি দি লোকক দেখুৱাই উৰুক-মুৰুক কৰি তেজীমলাই বিয়াত পিন্ধিবলৈ কাপোৰ উলিয়াই ইটো জপা মেলিছে, সিটো জপা মেলিছে, ইটো পেৰা মেলিছে , সিটো পেৰা মেলিছে , “ এইযোৰ কাপোৰ আমাৰ আইটি তোলৈ ভাল হবনে ?” “এইখন ৰিহা সেইখন মেখেলাই তোক শুৱাব নে?” এনেবিলাক কথা কৈ মাহীয়েকে আড়ম্বৰ কৰিবলৈ ধৰিলে। মাহীয়েকৰ ভাল পাটৰ ৰিহা-মেখেলা এযোৰ আৰু এখন উত্তম গুণাৰ পাৰি দিয়া খনীয়া কাপোৰ অছিল ; শেহত তাকে মাহীয়েকে উলিয়াই তেজীমলাক বিয়াত পিন্ধিবলৈ দি ক’লে, “ আইটি, এই কাপোৰযোৰ আৰু খনীয়া কাপোৰ খনকে তোক পিন্ধিবলৈ টোপোলা বান্ধি দিওঁ। তই এতিয়া তোৰ গাত থকা কাপোৰ যোৰেৰেই সখীয়েৰৰ ঘৰলৈ যা, সখীয়েৰৰ ঘৰৰ ওচৰ পালেই টোপোলাত দিয়া ৰিহা মেখেলা আৰু কাপোৰ পিন্ধিবি, ইয়াৰ পৰা পিন্ধি গলে খোজকাঢ়ি যাওঁতে বাটত ধূলি-মাকতি লাগি ক’লা হ’ব।” ইয়াকে কৈ মাহীয়েকে পাটৰ ৰিহা মেখেলাযোৰৰ ভিতৰতে মনে মনে এটা নিগনি সুমাইদি আৰু খনীয়া কাপোৰ খনৰ ভিতৰত এটা আঙঠা বান্ধি দি টোপোলা এটা কৰি তেজীমলাৰ হাতত দিলে।
সখীয়েকৰ ঘৰ পাওঁ পাওঁ হওঁতেই তেজীমলাই মাহীয়েকৰ কথামতে পাটৰ ৰিহা মেখেলা আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলতে কাপোৰ যোৰৰ ভিতৰৰপৰা এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰযোৰৰ ভিতৰৰপৰা এটা আঙঠা সৰকি পৰিল। তেজীমলাই দেখি বিচুৰ্ত্তি হ’ল যে ৰিহা-মেখেলাযোৰ নিগনিয়ে কুটি থকাসৰকা কৰিলে আৰু পাৰিদিয়া কাপোৰখন ঠায়ে ঠায়ে পুৰিলে। ভয়ত তেজীমলাৰ মুখ শুকাই গ’ল, তাই ঠক ঠক কৰে কঁপি ফেকুৰি কান্দিবলৈ ধৰিলে। লগত যোৱা মানুহেও এই কাণ্ড দেখি আচৰিত হৈ, শেহত, তেজীমলাক অনেক বুজাই-বৰাই নিচুকাই সখীয়েকৰ ঘৰলৈ গৈ তাৰ পৰা এযোৰ ৰিহা-মেখেলা আৰু এখন কাপোৰ খুজি তাইক পিন্ধাই বিয়া চাবলৈ দিলে। বিয়াৰ পিছত তেজীমলা নিজৰ ঘৰলৈ উভতি আহিলত, মাহীয়েকে তাইক কাপোৰৰ কথা সুধিলত তাই কঁপি কঁপি সেই পোৰা আৰু কুটা কাপোৰৰ টোপোলা মাহীয়েকৰ আগত পেলাই দিলে। মাহীয়েকে কুটা আৰু পোৰা কাপোৰ দেখি কৃত্ৰিম খঙত জ্বলি পকি তেজীমলাক নথৈ গালি শপনি পাৰি মাৰি তাও কৰিলে। ইমান মাৰিও মাহীয়েকৰ হেঁপাহ নপলাল। পিছত তেজীমলাক টানি আনি মাহীয়েকে ঢেঁকীৰ আগত বহুৱাই ধান বঢ়াবলৈ লগাই নিজে ধুম ধুম কৰে ঢেঁকী দিবলৈ লাগিল। মাহীয়েকে ঢেঁকী দি থাকোঁতে এবাৰ হঠা‌ত চাব মাৰি ঢেঁকীটো পেলাই দি তেজীমলাৰ সোঁহাত খন খুন্দি পেলালে। সোঁ হাতখন খুন্দিলত তেজীমলাই যন্ত্ৰণাত চিঞঁৰি কান্দিবলৈ ধৰিলত, বাঢ়নি মাৰিডালেৰে মাহীয়েকে তেজীমলাৰ পিঠিত কোবাবলৈ ধৰি তেজীমলাক বাওঁহাতেৰে খুবলিত ধান বঢ়াই দিবলৈ হুকুম দিলে। বাওঁহাতেৰে তেজীমলাই ধান বঢ়াই থাকোঁতে মাহীয়েকে সোঁহাতৰ দৰে তেজীমলাৰ বাওঁহাতখনো খুন্দিলে, বাওঁহাত খুন্দি তাৰ পিছত মাহীয়েকে তেজীমলাক সোঁ ভৰিৰে ধান বঢ়াবলৈ কৈ সোঁ ভৰিখনো খুন্দিলে আৰু তাৰপিছত সেইদৰে বাওঁভৰিখনো খুন্দিলে। শেহত মাহীয়েকে তেজীমলাক মূৰেৰে ধান বঢ়াবলৈ কৈ তেজীমলাৰ মূৰটোও খুন্দি পেলালে। তেজীমলা মৰিল।
এইদৰে গিৰিয়েকৰ আলাসৰ লাড়ু, চেনেহৰ তেজীমলাক মাৰি সাউদনীয়ে কোনেও নেদেখাকৈ লৰালৰিকৈ নি ঢেঁকীশালৰ পানীপোতাতে গাঁত এটা খান্দি পুতি থলে।
তেজীমলাক পোতা ঠাই ডোখৰত কিছুদিনৰ মূৰত এজোপা লাওগছ গজি লহ-পহ কৰে ডাঙৰ হ’ল আৰু গছ ভৰি বঢ়িয়া বঢ়িয়া একোটা লাও লাগিল। ইফালে ওচৰ –চুবুৰীয়া মানুহে ভালেমান দিন তেজীমালাক দেখিবলে নাপায়, মাহীয়েকক তাইৰ বাতৰি সুধিলত আহীয়েকে উত্তৰ দিলে, -“তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই।|”
এদিন মাগনী বুঢ়ী এজনীয়ে সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ চালত লাওবোৰ লাগি থকা দেখি সাউদনীৰ ওচৰলে আহি ক’লে,-‘আই মোক লাও এটি দিয়ক’ তেজীমলা মৰাৰ দিনৰে পৰাই মাহীয়েকে ঢেঁকীশালৰ ফালে যোৱা নাছিল দেখি লাওজোপা তাইৰ চকুত পৰাই নাছিল। সেই দেখি তাই মাগনী বুঢ়ীক উত্তৰ দিলে, ‘মইে তোক লাও দিবলৈ ক’ত পাম ? নিজেই আজি ভালেমান দিন লাওখোৱা নাই।’ মাগনীয়ে ক’লে-‘ কিয় আই এনেকৈ কয়, আপোনাৰ ঢেঁকীশালৰ চালতে দেখোন লাও ভৰি লাগি আছে।’ বুঢ়ীৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে- ‘মই হ’লে দেখা নাই, তইত দেখিছ যদি কেইটা লাগে ছিঙি নে গৈ।’ বুঢ়ীয়ে এই কথা শুনি আও-গছৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলোতেই লাওজোপাই বিনাই মাত লগালে,
“ হাতো নেমেলিবি লাৱো নিচিঙিবি, ক’ৰে মগনীয়া তই,
পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে, তেজীমলাহে মই …..”
লাওগছে মতা সুনি বুঢ়ীয়ে ভয় খাই লাও নিছিঙি গুচি আহি সাউদনীক ক’লে-‘আই লাও ছিঙিবলৈ হাত মেলোঁতেই মোক এইদৰে লাও জোপাই মাত লগালে। মোক আৰু লাও নালাগে আই, মই গুচি যাওঁ।’ এই বুলি মাগনী বুঢ়ী গুচি গ’ল। তেতিয়া সাউদনীয়ে কথাটোৰ আচল মানে ভালকৈ বুজিব পাৰি, কটাৰী এখন লৈ গৈ লাওগছজোপা কাটি টানি নি পিছফালে পেলাই দি গুচি আহিল।
লাওজোপা কাটি য’তে পেলাই দিছিল সেইখিনিতে কিছুদিনৰ মূৰত এজোপা জৰাটেঙা হৈ ডালভৰি জৰাটেঙা লাগিল। গছজোপাত জৰাটেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত জৰা টেঙাজোপা দোঁ-খাই পৰিছিল। এদিন কিছুমান গৰখীয়া লৰাই গৰু চৰাওঁতে সেই জৰাগছত জৰা টেঙা দেখি খাবলৈ মন কৰি সাউদনীৰ ওচৰলৈ আহি ক’লে,”আই আমাক গোটাচেৰেক জৰাটেঙা খাবলৈ দিবানে?” সাউদনীয়ে, “মইে ক’ত জৰা পাম ?” বুলি ক’লত সিহঁতে ক’লে, “কিয় আই, আপোনাৰ বাৰীৰ পিছ্ফালে এজোপা জৰাগছত জৰাটেঙা দেখোন ভৰি লাগি আছে।” সিহঁতৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে –“ মই হ’লে ক’ত জৰাটেঙা লাগিছে দেখা নাই, তহঁতে দেখিছ যদি কিমান লাগে পাৰি নেগৈ।”
সাউদনীৰ হুকুম পাই গৰখীয়া ল’ৰা কেইটাই জৰাটেঙাৰ কাষলৈ গৈ জৰাটেঙা পাৰিব খোজোতেই গছজোপাই বিনাই মাত লগালে,
“ ভাইও বোলোঁ মই, ককাইও বোলোঁ ম‍‍ই , গাঁৱৰে গৰখীয়া।
হাতো নেমেলিবা, জৰাও নিছিঙিবি , ঘৰলৈ উভতি যা |
পাট কাপোৰৰ লগতে মাহীআই খুন্দিলে, তেজীমলাহে মই”
গৰখীয়া লৰাহঁতে এই বিননি শুনি কিবা দেও-ভূত গছজোপাত আছে বুলি জৰাটো নিছিঙি তাৰপৰা আহি সাউদনীক এই কথা কৈ গুচি গ’ল। সাউদনীৰ চাঁটকৰে মনত পৰিল যে তাই লাও গছ জোপা কাটি সেইখিনিতে পেলাইছিল। এইকথা মনত পৰিলত তা‍ই বুজিলে যে তেজীমলাই হে জৰা হৈ আছে। ইয়াকে ভাবি সাউদনীয়ে জৰাগছজোপা কাটি নৈত উটাই দিলে।
জৰা গছজোপা নৈত উটি গৈ ওচৰৰে ঘূলি এটাত ৰৈ এজোপা পদুম হৈ এটা সুন্দৰ ফুলেৰে জকমকীয়া হ’ল। কিছুদিনৰ মূৰত বেহা-বেপাৰ কৰি সেই নৈয়েদিয়েই তেজীমলাৰ বাপেক নাৱেৰে আহোঁতে নৈৰ ঘূলিত গছজোপাত সুন্দৰ পদুম ফুল এটা ফুলি থকা দেখি তেজীমলালৈ সেই ফুলটো লৈ যাওঁ বুলি ভাবি নাৱৰীয়া এটাক সেই ফুলটো ছিঙি আনিবলৈ ক’লে। নাৱৰীয়াটোৱে ফুলটো ছিঙিবলৈ হাত মেলোতেই পদুমে বিনাই গালে,-
“হাতো নেমেলিবি, ফুলো নিচিঙিবি, ক’ৰে নাৱৰীয়া তই |
পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে, তেজীমলাহে মইা॥”
ফুলে বিনোৱা দেখি নাৱৰীয়াটোৱে ভয় খাই সাউদক ক’লত, সাউদে সেইটো কিনো চাওঁ বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলোতে ফুলে বিনাই মাতিলে,-
“ হাতো নেমেলিবা, ফুলো নিচিঙিবা, চেনেহৰ পিতাদেউ এ |
পাট-কাপোৰৰ লগতে মাহীআই খুন্দিলে, তেজীমলাহে মই ||”
বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাৱৰ কথা আগৰেপৰা জানি থৈছিল, সেই কাৰণে ভাবিলে যে, “এইজনী নিশ্চয় তেজীমলা।” ইয়াকে মুদৈয়ে ভাবি তেওঁৰ বাওঁহাতত তেওঁৰ মুখৰ তামোলৰ এখন চোবা আৰু সোঁহাতত এটা লাড়ু লৈ ক’লে যে, “ যদি তইত মোৰ তেজীমলাহে হয়, তেন্তে নিশ্চয় তই শালিকাটি হৈ উৰি আহি মোৰ হাতত পৰি এই চোবাটি খাবি। আৰু যদিহে নহয়, আন কোনোবাহে হয় তেন্তে লাড়ুটো নিবি।” এইবুলি তেওঁ ক’লতে পদুম ফুলটি শালিকা এটি হৈ উৰি আহি তেওঁৰ হাত পৰি চোবাটি খালে। বাপেকে তেতিয়া সেইটি তেজীমলা বুলি নিশ্চয়কৈ জানি শালিকাটি এটা সজাত সুমা‍ই লৈ আহিল।
সাউদে ঘৰ পা‍ই ঘৈণীয়েকক সুধিলে, “তেজীমলা ক’লৈ গল ?” ঘৈণীয়েকে ক’লে,- “মোমায়েকৰ ঘৰলৈ গ’ল।” সদাগৰে ঘৈণীয়েকক ঘুকুটি ঘুকুটি প্ৰশ্ন কৰি আচল কথাটো উলিয়াই লৈ সৈ কঢ়ালে। ইয়াৰ পিচত শালিকাটিৰ গাত নিজৰ পানী গামোছাখন তেওঁ পেলাই দি ক’লে,“যদি তই মোৰ তেজীমলা হে আৰু যদি মোলৈ তোৰ মৰম আছে , এই গামোছাখন পিন্ধি তই মানুহ হবি” এই কথা শুনি তেতিয়াই তেজীমলা আগৰ দৰে হ’ল আৰু সাউদে ঘৈণীয়েকক ঘৰৰপৰা খেদাই দিলে।

Categories: সাধু | টেগসমূহ , , , , | মন্তব্য দিয়ক

শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচনাৱলী

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলী –
(ক) কাব্যগ্ৰন্থ – হৰিশ্চন্দ্ৰ উপাখ্যান, গজেন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, ৰুক্মিণী হৰণ, বলিছলন, অমৃত মন্থন আৰু কুৰুক্ষেত্ৰ |
(খ) নাট – পত্নী-প্ৰসাদ, কালীয় দমন, কেলি গোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয় |
(গ) ভক্তিমূলক ৰচনা – ভক্তি প্ৰদীপ, অনাদি পাতন, ভক্তি ৰত্নাকৰ (সংস্কৃত)আৰু নিমি নৱ সিদ্ধ সংবাদ |
(ঘ) গীত – বৰগীত, ভটিমা, টোটায় | মহাপুৰুষ জনাই মুঠতে বাৰ কুৰি বৰগীত ৰচনা কৰিছিল | কিন্তু কমলা গায়নৰ ঘৰত বন পোৰা জুইত জাহ যায় |বৰ্তমান মহাপুৰুষ জনাৰ ৰচিত ৩৫ টা বৰগীতহে আছে |
(ঙ) অনুবাদ ৰচনা – ভাগৱতৰ ১ম, ২য়, ৩য়, ৬ষ্ঠ, ৮ম, ১০ম, ১১শ, ১২শ স্কন্ধ আৰু ৰামায়ণৰ উত্তৰাকাণ্ড |
(চ) নাম প্ৰসংগ – কীৰ্তন আৰু গুণমালা |

মহাপুৰুষ জনাৰ ৰচিত আন এখন পুথি “চিহ্ন-যাত্ৰা” (সম্ভৱ) এতিয়াও উদ্ধাৰ হোৱা নাই |

মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ ৰচনাৱলী –
(ক) কাব্যগ্ৰন্থ – ৰাজসূয় কাব্য |
(খ) নাট – অৰ্জ্জুন ভঞ্জন, ৰাম যাত্ৰা |
(গ) ভক্তিমূলক ৰচনা – নামঘোষা |
(ঘ) ঝুমুৰা – চেৰ ধৰা, পিম্পৰা গুছোৱা, ভোজন বিহাৰ, কোটোৰা খেলা, ভূমি লুটোৱা, ব্ৰহ্মা মোহন, ৰাস ঝুমুৰা আৰু ভূষণ হৰণ |
(ঙ) অনুবাদ ৰচনা – জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা আৰু আদি-কাণ্ড ৰামায়ণ |
(চ) গীত – ১৫৭ টা বৰগীত আৰু ১১ টা ভটিমা |

(কেইখনমান কিতাপ-আলোচনীৰ পৰা সংগ্ৰহ কৰা হৈছে |)

Categories: সংগ্ৰহ | টেগসমূহ , , , | মন্তব্য দিয়ক

আন্তঃজালত অসমীয়া ভাষা আন্দোলন

বৰ্তমান সময়ত এটা কথাই আমাৰ লগতে বিশ্ব বাসী ক বিশেষ চিন্তিত কৰি তুলিছে যে, “ইংৰাজী ভাষাই পৃথিৱীৰ সমূহ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা সমূহক ধ্বংস কৰি পেলাব নেকি !!”

সন্দেহৰ আৱৰ্তত নথকাকৈ থকা নাই অসমীয়া ভাষাও । অসমত ইংৰাজী আৰু বাংলা ভাষাৰ প্ৰসাৰতা  এনেদৰে বাঢ়ি গৈছে যে, তালৈ লক্ষ্য কৰিলে নিশ্চয় আমি অসমীয়া ভাষাৰ ভবিষ্যত সম্পৰ্কে উদ্বিগ্ন নোহোৱাৰ কোনো কাৰণ নথকা নহয় । এতিয়া আন্তঃজালত আৰম্ভ হৈছে অসমীয়া ভাষাৰ আন্দোলন । য’ত আমাক সহায়ৰ হাত আগবঢ়াইছে মাইক্ৰচফ্ট, ভাষা ইণ্ডিয়া, ৱৰ্ড-প্ৰেছ, ব্লগছ-পট, টাইপ-পেড আদি সংস্থা সমূহে । অসমীয়া ভাষাৰ আন্দোলনৰ স্বৰূপ হিচাপ তলত কেইটামান আন্তঃজালৰ পৃষ্ঠা উল্লেখ কৰা হৈছে । আপুনিও উক্ত পৃষ্ঠাৰ সহায় লৈ অসমীয়া ভাষাত  আন্তঃজালৰ পৃষ্ঠাৰ সৃষ্টি কৰিব পাৰে । সহায়ৰ বাবে আমাৰ লগত যোগাযোগ কৰক ।

আকাশ মোৰ অন্তৰৰ দুৱাৰ স্পন্দন
আমি অসমীয়া মন কহুৱা বন প্ৰত্যাশা
খাৰ নোখোৱাৰ কলম যি মন যায় বিজ্ঞানৰ বিচিত্ৰ কথা
জালপঞ্জী অনুভূতিৰ ভৰপক অলিন্দ
অসমীয়া ব্লগ যাযাবৰ অসম
জীৱনৰ বাটত এটি অসমীয়া ব্লগ বর্ণমালা
মোৰ কবিতা মোৰ ভাৱৰ বুৰবুৰণি তামোল-পাণ
সত্ত্বা….. এক অবিৰত যাত্রা….. গুঞ্জন স্বস্ত্যয়ন
“বিষ্ণু ৰাভা সংগীত”ৰ লিপি অসমীয়া হীৰেন ভট্টাচাৰ্যৰ ব্লগ পৄষ্ঠা
ইত্যাদি মোৰ হৃদয়ৰ কুঠৰী অৱকাশ
সুগন্ধি পখিলা একাবেকা- অসমীয়া ভাষাত বা-বাতৰি নীলিম কুমাৰৰ ব্লগ পৄষ্ঠা
ইপাৰে জীৱন – সিপাৰে মৃত্যু আমাৰ আলোক-চিত্ৰ অসমীয়াত কথা পাতোঁ আহক
সাহিত্য শ্ৰী শ্ৰী মাধৱ থান ৱিকি-পেডিয়া
হৃদয় নিয়ৰপৰশ অসমীয়াত কথা বতৰা
মই আৰু মোৰ পৃথিৱী

সঁফুৰা

আমি অসমীয়া

ই-কীৰ্তন অসমীয়া যুগমীয়া কলা-কৃষ্টি

 

 

 

Categories: প্ৰাসংগীক | টেগসমূহ , , , | 2 মন্তব্য

ফকৰা যোজনা সংগ্ৰহ

অধিক ভোজন পেটলৈ বেয়া।

অতি ভক্তি চোৰৰ লক্ষণ ।

অভাবত স্বভাব নষ্ট ।

অচিন কাঠৰ থোৰা নলগাবা ।

অল্প বিদ্যা ভয়ঙ্কৰী ।

অবাবত তর্ক কৰা মুৰ্খৰ চিন ।

অনভ্যাসে হত বিদ্যা ।

অহঙ্কাৰেই পতনৰ মুল ।

আইৰ সমান হব কোন, নৈৰ সমান বব কোন ।

আইয়ে চায় মুখলৈ, ঘৈণিয়ে চায় হাতলৈ ।

আঠুৱা চাই ঠেং মেলিবা ।

আনলৈ হুল পুতি নিজে মৰে ফুটি ।

আদাক দেখি উঠিল গা, কেঁটুৰিয়ে বোলে মোকো খা।

অল্প আর্জন বিস্তৰ ভোজন, সেই পুৰুষৰ দৰিদ্র লক্ষণ ।

আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত ।

আছে হেংদাং, লোৱা নাই । ললে হেংদাং চাৰন নাই ।

আপোন ভালেই জগত ভাল ।

আপোনাৰ নাক কাটি সতিনীৰ যাত্রা ভংগ।

আগৰ হাল যিফালে যায়, পাছৰ হালো সিফালে যায় ।

আপোন হাত জগন্নাথ, পৰত আশ, বনত বাস ।

আনলৈ হুল পুতি নিজে মৰে ফুতি ।

আদা বেপাৰীক জাহাজৰ খবৰ ?

উত্তৰে গাজিলে জানিবা খৰ, দক্ষিণে গাজিলে মাৰিবা লৰ ।

আগ নুগুণি গুণে পাছ, লোভত মৰে বৰষিৰ মাছ ।

উপকাৰীক অজগৰে খায় ।

উপদেশতকৈ আর্হি ভাল ।

উদঙিয়া গৰু, ঢাকণি নাইকিয়া চৰু ।

উদক ভেটা ৰখিয়া পতা ।

এনেয়ে উৰ্বশী দুৱাৰে বাট দিয়া ।

একে গছৰ পাণ, সি নো হব কি আন

এশ এজুপি ৰুবা কল মাহেকে পষেকে চিকুনাবা তল ।

পাত-পচলা লাভত খাবা লংকাৰ বাণিজ্য ঘৰত পাবা ।

এনেই মৰিচো ঋষিৰ শাপত, তাতে দিছে ধানৰ ভাপত ।

এৰিলে মন ঘোৰাৰ ছুটি, বান্ধিলে মন শিলৰ খুটি ।

এবাৰ হাগি দহ বাৰ উলটি চোৱা।

এলেকৰ পেলেক কুকুৰা চৰাইৰ ভাগিনীয়েক।

ওপৰলৈ পানী চতিয়ালে নিজৰ গাতে পৰে।

ওলায়েই দেখিবা যাক, শতৰু নুবুলিবা তাক।

ক বুলিব নাজানে ৰত্নাৱলী পঢ়ে ।

কলাৰ আগত বেঙাই কয়, কলাই বোলে হয় হয় ।

কাকনো বুলিবা ককা, সকলোৰে দাঢ়ি-চুলি পকা ।

কুমলীয়া আদা পায়, ভৰিৰে মোহাৰি খায় |

কেৰেলাতকৈ গুটি দীঘল ।

কটাৰী ধৰাবা শিলে, তিৰোতা বলাবা কিলে ।

কথাত কটা যায়, কথাত বটা পায় ।

ক’লেও আয়ে কিল খায়, নক’লেও বোপায়ে ছুৱা খায় ।

কৄষ্ণই কৰিলে লীলা, আমি কৰিলে ধৰি বান্ধি কিলা ।

কালিলৈ ৰাম ৰজা হব আজি অধিবাস, কোনেনো জানিছিল ৰাম যাব বনবাস।

গাই আনিবা ৰিংটো বাটৰ, ছোৱালী আনিবা দিনটো বাটৰ ।

গাখীৰ খুৱাই সাপ পোহা ।

গাত নাই চাল বাকলি, মদ খাই তিনি টেকেলি ।

গৰুৰ আগত টোকাৰী বায়, কাণ জোকাৰি ঘাঁহ খায় ।

গছ কাটিলেই মুঢ়া, ছোৱালী আনিলেই বুঢ়া ।

গছত গৰু উঠা হোলোঙাৰে কান বিন্ধোৱা কথা ।

গুৰুতকৈ শিষ্য হয় শিয়ান, খুচৰি খুচৰি লয় গিয়ান ।

ঘৰলৈ আহিলে ঢকুৱা বেৰ, আলিবাটলৈ গলে বৰ চুৰিয়াৰ ফেৰ ।

ঘন ঘনকৈ দিবা আলি, তেহে খাবা নানান শালি  ।

চৰুক সুধি ভাত ৰন্ধা ।

চাউল দিবা জেতেক-পেতেক, পানী দিবা তিনি তেতেক, যেবে দেখিবা নিসিজে চাউল, তেবে বুলিবা ডাকক বাউল ।

চাপৰি যোৱাকে কুঁজা বোলে, লাখুটি লোৱাকে বুঢ়া বোলে ।

চোৰে নেৰে চোৰৰ স্বভাৱ, কুকুৰে নেৰে চাঁই, জাৰ যি স্বভাৱ মৰিলে লগত যায ।

চৰণেহে জানে মৰনৰ ঠাই, চুচুৰি বাগৰি তালৈকে যায়।

চকু লাল, বুকু খাল, সেই পুৰুষৰ লক্ষণ ভাল।

ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল  ।

ছোৱালী হল বৰষিৰ টোপ, ল’ৰাই দেখিলে মাৰিব খোট ।

ছয় পো বাৰ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি ।

জী ভালেই জোৱাই ভাল, আপোন ভালেই জগত ভাল ।

জোৱাঁয়ে নিলেও নিয়া, যমে নিলেও নিয়া ।

জ্বৰে এৰিলেও কর্পাটিয়ে নেৰা ।

টেঙৰতকৈ টেঙৰ আছে ভুল নাই তাত, সোমোৱাৰ আগতে জানিবা ওলোৱাৰ বাট  ।

তিৰিৰ কপালে ধন, পুৰুষৰ কপালে জন ।

তিলকে তালতো কৰা ।

তৰিলে দেশ, মৰিলে স্বর্গ ।

তোপোলা দেখিলে তোপোলা যাচে, ৰ ৰ তোলৈও তোপোলা আছে ।

তুমি যদি ডালে ডালে, মই পাতে পাতে ।

দুই মহৰ যুজত বিৰিণাৰ মৰণ ।

দিনৰ পাহাৰ ৰাতিৰ জুই তাক নেখেদি থাকিবা শুই ।

দাতাই দিলেও বিধাতাই নিদিয়ে ।

দৰিদ্র লঙ্কালৈ যায়, সাগৰো শুকায়, মাণিকো লুকায় ।

দেহা থাকিলেহে বেহা, নহলে তিতা কেহা ।

দহো আঙুলীৰে খায়, বুঢ়াই হেচুকিলেহে যায় ।

গধুলীৰ অতিথী সাক্ষাত্‍ দামোদৰ ।

ধানটোৱে প্রতি কণটো, মানুহ্টোৱে প্রতি মনটো ।

ঢেকী স্বর্গলৈ গলেও ধানহে বানে ।

ফল খাই পানী, যমে নিয়ে টানি ।

বাজিব লাগে হাচতি, বাজে টেমি কটাৰি ।

Categories: সংগ্ৰহ | টেগসমূহ , , , | মন্তব্য দিয়ক

Blog at WordPress.com.

%d bloggers like this: